Wednesday, October 24, 2018

Zubeen Garg's Poem Lyrics

Zubeen Garg's Poem Lyrics

তুমি কি বুজিবা? Tumi Ki bujiba?

কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা?
আজিৰ আধুনিকা তুমি, হয়তো তুমি লেপটপত গে'ম খেলা, 
টেবলেটত ব্ৰাউজ কৰা, 
কৃষ্ণাক্ষী বৰুৱা,  তুমি কি বুজিবা কি শিৰা,  কি উপশিৰা? 
তোমাৰ বাৰু মনত পৰেনে মিৰ্জাৰ সেই বাছ ষ্টেণ্ডৰ কথা? 
শ্বেফত খোৱা ভেঝ্ পকোৰা? 
অথবা সোণাপুৰৰ ৰ'জভেলী ৰিজ'ৰ্টৰ ট্ৰেডিশ্ব্যনেল ফুড? 
আসঃ বৰ আমনি কৰে, 
নিতৌ ফেচবুক টুইটাৰত তোমাক চাৰ্চ কৰো, 
এল অ' এল!! 
হয়টো ফেইক প্ৰফাইল খুলি তুমি চ্যাটিং কৰা, 
ওপচ্...!!
মিছাতে দিনবোৰ পাৰ কৰিছো তোমাৰ পাছত দৌৰি। 
দোভাগ ৰাতি যেতিয়া ওৰণি টানি তুমি আহিছিলা
তোমাৰ ভালপোৱাবোৰ দিলিট কৰিবলৈ
নিলিম কুমাৰৰ দৰে ফ'ৰ ফ'ৰ্টি ভল্টৰ কলম উলিয়াই
বুকুৰ তেজেৰে কবিতা লিখা নাছিলোঁ। 
জুবিন গাৰ্গৰ দৰে হিয়া ভাঙি গোৱা নাছিলোঁ "হেৰ' বাহীঁ, তোক বৰ ভাল পাওঁ দেহী"
চালা,  বুকুৰ হাৰ্ড ডিস্কেই ফৰমেট হৈ গ'ল, 
যাবৰ পৰত তুমি যে কৈ গৈছিলা, 
"তোমাতকে হেনো ভাল ছোৱালী মোৰ বাবে ৰৈ আছে"
তুমি জানানে,  মইটো যন্ত্ৰ নহয়। 
মোৰ হৃদয়তটো ব্লুটুথ নাই, 
নিউ ডিভাইচ চাৰ্চ কৰিবলৈ। 
কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা?
কি শিৰা, কি উপশিৰা
য'তেই থাকা, কুশলে থাকা। । 

==============================================


নিহাৰিকা, এক প্ৰেম কাহিনী (Niharika Ek Prem Kahini)

তোমাক লগ নোপোৱালৈ সকলো ঠিকে আছিল
জীৱন, জোনাক, আকাশ
এইবোৰৰ সংজ্ঞা তেনেই সাধাৰণ আছিল
উমাল বুকুৱে হেজাৰ কাহিনী ৰচা নাছিল
তোমাৰ সান্নিধ্য নিবিচৰালৈও
সকলো ঠিকেই আছিল।
মনক চোতালত মেটমৰা হেঁপাহৰ কোলাহল নাছিল,
আশাবোৰ জোনাক হৈ বৰষুনৰ দৰে নামি অহা নাছিল,
তোমাৰ কথাবোৰ নুশুনালৈ সকলোবোৰ ঠিকেই আছিল
নিশাবোৰ নিজৰ দৰেই আছিল,
কিছু আন্ধাৰ, কিছু পোহৰ
ভাল লগা নাছিল জোনাকীৰ পোহৰ
আৰু সৌ দুৰণিৰ এখন তৰাৰ চহৰ
হৃদয় হেৰুৱাৰ ভয়ত উজাগৰী নিশা পাৰ হোৱাৰ
একোৱেই কাৰণ নাছিল
আনকি এতিয়াৰ দৰে
আবেগৰ ভৰত বুকু এখন খহি পৰো পৰো
অৱস্থা হোৱা নাছিল।
দোভাগ ৰাতি নিস্তব্ধতাত ভাৱো,
কেনেকৈ ভাল পালে, আৰু কিমানযে ভালপালে
তুমি সুখতকৈ সুখী হ'বা?
তাৰ উত্তৰ বিছাৰি উজাগৰে থাকোঁ।
কেতিয়াবা মোৰ ভয় হয়, নীহাৰিকা
তোমাক লগ পাই ভুল কৰিলো নেকি!!
নহ'লেনো আজি কালি মই পলাই ফুৰোঁ কিয়,
সকলোৰে পৰা, তোমাৰ পৰা।
আনকি মোৰ নিজৰ পৰাও।
ধৰা পৰাৰ ভয়ত নে, আন কিবা কাৰণত?
তুমিতো নাজানা চাগে তুমি অবিহনে,
কিয় ইমান উদং উদং লাগে হৃদয় খন!
নীহাৰিকা,
তুমি তুমিকৈ বলিয়াটোৰ দৰে
কাৰবাবে জেপত লৈ ফুৰিছোঁ
জোনাক যেন হেঁপাহৰ দলিছা
তোমাৰ বাবেই নহয় জানো!
টেলিফোনত তোমাৰ লগত কথা হোৱাৰ পাছত
মোৰ কি হয় জানা?
এক বিৰাট কোলাহলৰ মাজতো
মই যেন বৰ অকলশৰীয়া!!
অকলে অকলে হাহিঁ থাকোঁ
আকৌ যে কেতিয়া লগ পাম!
তোমাৰ খন্তেক অমনোযোগিতাতেই
মই মূৰ্ছা যাওঁ নীহাৰিকা,
তুমিয়ে মোৰ জোনাক, তুমিয়ে মোৰ এন্ধাৰ
আবেগৰ আঘাতত বিচনাত বাগৰ সলাই
গাৰুটোকে সাবটি থাকোঁ।
তোমাৰ কাজল সনা দুচকু
মোৰ প্ৰেৰণাৰ উৎস
সমস্ত পৃথিৱীৰ ঠিকনা বিচাৰি পাওঁ
তোমাৰ নীলিম দুচকুৰ মাজত
তুমি অহাৰ পৰাইচোন মোৰ এন্ধাৰ পথত
এতিয়া ৰ'দ নামিছে।
দোপাল পিটা বৰষুণত তিতাৰ
অনুভৱৰ সৈতে মোৰ পৰিচয় হৈছে।
নহলেটো জীয়াই থাকিব লাগে
সেইবাবে জীয়াই থকাৰ কথা আছিল
কাক ক'ম, কোনে শুনিব!!
সেয়ে পুনৰ বাৰ কৈছো,
আনকি মই এতিয়াৰ দৰে
শৰৎ, শেৱালি আৰু নিয়ৰৰ প্ৰেমত পৰা কথাওটো নাছিল।
নীহাৰিকা, এক প্ৰেম কাহিনী

No comments:
Write comments