Tuesday, October 16, 2018

তপন দাসৰ আবৃত্তিৰে কবিতা Tapan Das Poem

Tapan Das Poem



সাগৰীকা বৰদলৈ (Sagarika Bordoloi)

সন্দিকৈ কলেজৰ তুমি সাগৰীকা বৰদলৈ
তুমি সাগৰীকা বৰদলৈ কুশলে আছাটো?
তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়াহ,
পাণবজাৰলৈ নাজাবা সন্ধিয়া
সান্ধ্য আইনেৰে মাতাল দীঘলীপুখুৰীৰ পাৰ,
অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ
কিমান অশান্ত বতাহ, নিশান্তৰ কামনা
সাগৰীকা,  তুমিটো জানাই মই প্ৰেমিক চৰাই
তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা
মোৰ একুৱাৰিয়ামত নাচিবহি
মই দৰিকণা ধৰিবলৈ বৰশী নাবাও,
তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা
তুমি কি ভালপোৱা গৰমত?
চিত্ৰা,  মিৰেণ্ডা নে পেপচি-থাম্পচআপ?
আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ
ঘোলাপানীত কলেৰা খাই যৌবন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশব
তুমি কি ভালপোৱা?
বাড’না, নে মাইকেল জেকচন?
মোক বধিৰ কৰি পেলোৱা সাগৰীকা
সেই চিঞৰ  বুভুক্ষু মানুহৰ মই সহিব নেৱাৰোঁ
আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানিহক সোধা, 
বেত্ৰাঘাতৰ সংজ্ঞা
আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংগ কৰা হৈছিল আন্ধাৰত
চোলাৰ জেপত যেতিয়া লৈ ফুৰোঁ হৃদয় ৰঙৰ এটি খাম,
বন্ধুসকলে জোকাই,  কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড?
তেওলোকেটো নাজানে, তাত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা
তুমি চিচিফাচৰ সাধু শুনিছানে ? চ্পাকাকাজৰ?



-x-x-x-x-x-x-x-x-x-x-x-x-x-x

চান্দমাৰি ফ্লাই অভাৰত ৮ এপ্ৰিল ২০০৪

Chandmari Fly Over


আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ, 
তুমিও আহিছা স্থগিত ৰাখি তোমাৰ জীৱন, 
কিছু ভাৱনা বিনিময় কৰিম আকাশৰ এই নিশিম শূন্যতাত
কিছু ভালপোৱাৰ অনুশীলন কৰিম চৰাইৰ ছাঁত
তুমি ক'লা,  "আমি যদি আকাশৰ পৰা সৰি পৰোঁ অকস্মাৎ, 
আমি যদি নাহৰৰ পাতৰ দৰে অকস্মাৎ! 
মই ক'লো, "আকাশৰ সীমা আছে, মেঘ আৰু চৰাই। 
তুমি ক'লা, "ৰ'দ জাক মেঘৰ খোৰোঙত কেনেদৰে সোমাল চোৱা,  চোৱা"
মই ক'লো,  "এদিন মইয়ো কুকুহাঁ হৈ মেঘৰ অভ্যন্তৰত সোমাম।
তুমি ক'লা, "সপোনত যোৱাকালি ক'লা ঘোঁৰা দেখিছোঁ"
মই ক'লো,  "তোমাৰ হাতখন দেখুওৱা"
তুমি ক'লা,  "কি পালা মোৰ ভৱিষ্যতত?"
মই ক'লো "কিছু শিহৰণ, কিছু উষ্ণতা কিছু স্বপ্ন।" 
তুমি ক'লা "মই যাওঁগৈ"
মই ক'লো, নাকান্দিবা, আজি ৮ এপ্ৰিল, ডায়েৰীত তুকি ৰাখিবা,  আৰু মোৰ ভুল বোৰৰ বাবে ক্ষমা কৰিবা মোক।  মই তোমাক একোকে দিব নোৱাৰাকৈ নিঃকিন। 
সুখৰ অনুশীলন কৰিবা, জেদ আৰু অহংকাৰক বিয়োগ কৰিবা হা। 
তুমি ক'লা মই যাওঁ। 
মই ক'লো, এই মেঘ বোৰৰ সিপাৰত এদিন আমি লগালগি হ'ম, যোৱাগৈ এতিয়া। 
আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছিলোঁ, তুমি লৈ গ'লা মোৰ মৃত্যু তোমাৰ ভালপোৱাৰ উজ্বলতাৰে।

No comments:
Write comments