Thursday, November 1, 2018

Zubeen Garg Old Song Pakhi Pakhi Ei Mon পাখি পাখি এই মন


পাখি পাখি এই মন (Pakhi Pakhi ei mon)


পাখি পাখি এই মন পাখি লগা মোৰ মনপাখি মেলি যা উৰি উৰি পাখি মেলি যা উৰিজাকি মাৰি গৈ নাম এৰি অহা পদূলিত
বুটলি আন ল'ৰালিউৰি, পাখি মেলি যা উৰি.দেউতাৰ হাঁহিৰে আইৰ সৈতে উমলি
ৰ'দে বৰষুনে ধেমালিআঁজলি সেই আবেলিউৰি পাখি মেলি যা উৰিদোকমোকালিৰ মোৰ পঢ়াশালিইংৰাজী অংক, তপিনাত এছাৰিখিৰিকীৰ ফাঁকেৰে মুকুতিৰ আবেলিঘৰলৈ উভতি খেলা মৰা মৰি,দেউতাৰ ৰঙা চকু, একেকোবে মাৰ বুকুপঢ়া টেবুলত ভাগৰৰ টোপনি,আইৰ নিচুকনি, মৰমৰ বুলনি।পাখি পাখি এই মন পাখি লগা মোৰ মনপাখি মেলি যা উৰি, উৰি, পাখি মেলি যা উৰি।জোনমণি ৰুণজুন, তেতিয়া চকুত জোননিভাঁজ আবেগৰ থোপা থোপে সৰা সোণ,সাঁতুৰি নাদুৰি এতি এতি ৰাতি দিন,
খেলা লুকা চুৰি নিজকে বিছাৰোঁ সোণ।ৰঙা নীলা চিলা, উৰি উৰি মনে খেলাএতিয়া কবিতা গানৰে শলিতাঅকলে বুকুতে চকুলো বুটলিপাখি পাখি এই মন পাখি লগা মোৰ মনপাখি মেলি যা উৰি, উৰি পাখি মেলি যা উৰি। জাকি মাৰি গৈ নাম এৰি অহা পদূলিতবুটলি আন ল'ৰালি, উৰি পাখি মেলি যা উৰি।দেউতাৰ হাঁহিৰে আইৰ সৈতে উমলি ৰ'দে বৰষুণে ধেমালিআঁজলি সেই আবেলিউৰি পাখি মেলি যা উৰি.....


Assamese Songs and poem lyrics https://www.assamesepoemlyrics.in/

Assamese Food recipe Media Assam

শৰতৰে এটি সেমেকা ৰাতি


শৰতৰে এটি সেমেকা ৰাতি
শুনিছোঁ নিয়ৰ ৰুণ-জুন
লিখিব খুজি থমকিহে ৰওঁ
বাৰে বাৰে কবিতা প্ৰেমৰ
শৰতৰে এটি সেমেকা ৰাতি
শুনিছোঁ নিয়ৰ ৰুণ-জুন

মাজনিশা মোৰ মনৰ কোঠালিত
কোনে আহি টুকুৰিয়ালে
মনৰ ভাবনাই নিৰবে আহি
কোনে নো যতি পেলালে
বুজিব খুজিও, বুজিব পৰা নাই
এইয়া দিথক নে সপোন
শৰতৰে এটি সেমেকা ৰাতি
শুনিছোঁ নিয়ৰ ৰুণ জুন

হথাতে দেখো, চকা মকাকৈ
এখনি আঁচল উৰিলে
আউল লগা মোৰ মনৰ ভাৱনাই
এটি যেন দিশা পালে
কলম তুলি লৈ লিখি পেলালোঁ
নিগৰি ওলাল অনুভৱ
শৰতৰে এটি সেমেকা ৰাতি
শুনিছোঁ নিয়ৰ ৰুণ জুন

শৰতৰে এটি সেমেকা ৰাতি
শুনিছোঁ নিয়ৰ ৰুণ জুন...!!
লিখিব খুজি থমকিহে ৰওঁ
বাৰে বাৰে কবিতা প্ৰেমৰ
শৰতৰে এটি সেমেকা ৰাতি
শুনিছোঁ নিয়ৰ ৰুণ-জুন..!!


Tapan Das Poem Visit Tapan Das Poem Lyrics

Wednesday, October 24, 2018

Zubeen Garg's Poem Lyrics

Zubeen Garg's Poem Lyrics

তুমি কি বুজিবা? Tumi Ki bujiba?

কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা?
আজিৰ আধুনিকা তুমি, হয়তো তুমি লেপটপত গে'ম খেলা, 
টেবলেটত ব্ৰাউজ কৰা, 
কৃষ্ণাক্ষী বৰুৱা,  তুমি কি বুজিবা কি শিৰা,  কি উপশিৰা? 
তোমাৰ বাৰু মনত পৰেনে মিৰ্জাৰ সেই বাছ ষ্টেণ্ডৰ কথা? 
শ্বেফত খোৱা ভেঝ্ পকোৰা? 
অথবা সোণাপুৰৰ ৰ'জভেলী ৰিজ'ৰ্টৰ ট্ৰেডিশ্ব্যনেল ফুড? 
আসঃ বৰ আমনি কৰে, 
নিতৌ ফেচবুক টুইটাৰত তোমাক চাৰ্চ কৰো, 
এল অ' এল!! 
হয়টো ফেইক প্ৰফাইল খুলি তুমি চ্যাটিং কৰা, 
ওপচ্...!!
মিছাতে দিনবোৰ পাৰ কৰিছো তোমাৰ পাছত দৌৰি। 
দোভাগ ৰাতি যেতিয়া ওৰণি টানি তুমি আহিছিলা
তোমাৰ ভালপোৱাবোৰ দিলিট কৰিবলৈ
নিলিম কুমাৰৰ দৰে ফ'ৰ ফ'ৰ্টি ভল্টৰ কলম উলিয়াই
বুকুৰ তেজেৰে কবিতা লিখা নাছিলোঁ। 
জুবিন গাৰ্গৰ দৰে হিয়া ভাঙি গোৱা নাছিলোঁ "হেৰ' বাহীঁ, তোক বৰ ভাল পাওঁ দেহী"
চালা,  বুকুৰ হাৰ্ড ডিস্কেই ফৰমেট হৈ গ'ল, 
যাবৰ পৰত তুমি যে কৈ গৈছিলা, 
"তোমাতকে হেনো ভাল ছোৱালী মোৰ বাবে ৰৈ আছে"
তুমি জানানে,  মইটো যন্ত্ৰ নহয়। 
মোৰ হৃদয়তটো ব্লুটুথ নাই, 
নিউ ডিভাইচ চাৰ্চ কৰিবলৈ। 
কৃষ্ণাক্ষী বৰুৱা, তুমি কি বুজিবা?
কি শিৰা, কি উপশিৰা
য'তেই থাকা, কুশলে থাকা। । 

==============================================


নিহাৰিকা, এক প্ৰেম কাহিনী (Niharika Ek Prem Kahini)

তোমাক লগ নোপোৱালৈ সকলো ঠিকে আছিল
জীৱন, জোনাক, আকাশ
এইবোৰৰ সংজ্ঞা তেনেই সাধাৰণ আছিল
উমাল বুকুৱে হেজাৰ কাহিনী ৰচা নাছিল
তোমাৰ সান্নিধ্য নিবিচৰালৈও
সকলো ঠিকেই আছিল।
মনক চোতালত মেটমৰা হেঁপাহৰ কোলাহল নাছিল,
আশাবোৰ জোনাক হৈ বৰষুনৰ দৰে নামি অহা নাছিল,
তোমাৰ কথাবোৰ নুশুনালৈ সকলোবোৰ ঠিকেই আছিল
নিশাবোৰ নিজৰ দৰেই আছিল,
কিছু আন্ধাৰ, কিছু পোহৰ
ভাল লগা নাছিল জোনাকীৰ পোহৰ
আৰু সৌ দুৰণিৰ এখন তৰাৰ চহৰ
হৃদয় হেৰুৱাৰ ভয়ত উজাগৰী নিশা পাৰ হোৱাৰ
একোৱেই কাৰণ নাছিল
আনকি এতিয়াৰ দৰে
আবেগৰ ভৰত বুকু এখন খহি পৰো পৰো
অৱস্থা হোৱা নাছিল।
দোভাগ ৰাতি নিস্তব্ধতাত ভাৱো,
কেনেকৈ ভাল পালে, আৰু কিমানযে ভালপালে
তুমি সুখতকৈ সুখী হ'বা?
তাৰ উত্তৰ বিছাৰি উজাগৰে থাকোঁ।
কেতিয়াবা মোৰ ভয় হয়, নীহাৰিকা
তোমাক লগ পাই ভুল কৰিলো নেকি!!
নহ'লেনো আজি কালি মই পলাই ফুৰোঁ কিয়,
সকলোৰে পৰা, তোমাৰ পৰা।
আনকি মোৰ নিজৰ পৰাও।
ধৰা পৰাৰ ভয়ত নে, আন কিবা কাৰণত?
তুমিতো নাজানা চাগে তুমি অবিহনে,
কিয় ইমান উদং উদং লাগে হৃদয় খন!
নীহাৰিকা,
তুমি তুমিকৈ বলিয়াটোৰ দৰে
কাৰবাবে জেপত লৈ ফুৰিছোঁ
জোনাক যেন হেঁপাহৰ দলিছা
তোমাৰ বাবেই নহয় জানো!
টেলিফোনত তোমাৰ লগত কথা হোৱাৰ পাছত
মোৰ কি হয় জানা?
এক বিৰাট কোলাহলৰ মাজতো
মই যেন বৰ অকলশৰীয়া!!
অকলে অকলে হাহিঁ থাকোঁ
আকৌ যে কেতিয়া লগ পাম!
তোমাৰ খন্তেক অমনোযোগিতাতেই
মই মূৰ্ছা যাওঁ নীহাৰিকা,
তুমিয়ে মোৰ জোনাক, তুমিয়ে মোৰ এন্ধাৰ
আবেগৰ আঘাতত বিচনাত বাগৰ সলাই
গাৰুটোকে সাবটি থাকোঁ।
তোমাৰ কাজল সনা দুচকু
মোৰ প্ৰেৰণাৰ উৎস
সমস্ত পৃথিৱীৰ ঠিকনা বিচাৰি পাওঁ
তোমাৰ নীলিম দুচকুৰ মাজত
তুমি অহাৰ পৰাইচোন মোৰ এন্ধাৰ পথত
এতিয়া ৰ'দ নামিছে।
দোপাল পিটা বৰষুণত তিতাৰ
অনুভৱৰ সৈতে মোৰ পৰিচয় হৈছে।
নহলেটো জীয়াই থাকিব লাগে
সেইবাবে জীয়াই থকাৰ কথা আছিল
কাক ক'ম, কোনে শুনিব!!
সেয়ে পুনৰ বাৰ কৈছো,
আনকি মই এতিয়াৰ দৰে
শৰৎ, শেৱালি আৰু নিয়ৰৰ প্ৰেমত পৰা কথাওটো নাছিল।
নীহাৰিকা, এক প্ৰেম কাহিনী

Tuesday, October 16, 2018

তপন দাসৰ আবৃত্তিৰে কবিতা Tapan Das Poem

Tapan Das Poem



সাগৰীকা বৰদলৈ (Sagarika Bordoloi)

সন্দিকৈ কলেজৰ তুমি সাগৰীকা বৰদলৈ
তুমি সাগৰীকা বৰদলৈ কুশলে আছাটো?
তোমাৰ বাবেই মোৰ শব্দৰ দুহাতত গজি উঠে হুমুনিয়াহ,
পাণবজাৰলৈ নাজাবা সন্ধিয়া
সান্ধ্য আইনেৰে মাতাল দীঘলীপুখুৰীৰ পাৰ,
অশ্লীল হৈ পৰিব পাৰে তৰাবোৰ
কিমান অশান্ত বতাহ, নিশান্তৰ কামনা
সাগৰীকা,  তুমিটো জানাই মই প্ৰেমিক চৰাই
তোমাৰ অভিমানৰ পুখুৰী সিঁচি লৈ আহিম দৰিকণা
মোৰ একুৱাৰিয়ামত নাচিবহি
মই দৰিকণা ধৰিবলৈ বৰশী নাবাও,
তোমাৰ দুখৰ পোচাক ধুবলৈ মই ধোবা
তুমি কি ভালপোৱা গৰমত?
চিত্ৰা,  মিৰেণ্ডা নে পেপচি-থাম্পচআপ?
আমেৰিকা আমাৰ বাবে ঘৃণনীয় শব্দ
ঘোলাপানীত কলেৰা খাই যৌবন প্ৰাপ্ত মোৰ দেশৰ অযুত শৈশব
তুমি কি ভালপোৱা?
বাড’না, নে মাইকেল জেকচন?
মোক বধিৰ কৰি পেলোৱা সাগৰীকা
সেই চিঞৰ  বুভুক্ষু মানুহৰ মই সহিব নেৱাৰোঁ
আশীৰ দশকৰ মাজেৰে খোজকাঢ়ি অহা প্ৰতিজন মানিহক সোধা, 
বেত্ৰাঘাতৰ সংজ্ঞা
আইসকলক সোধা তেওঁলোকক কিমান বাৰ উলংগ কৰা হৈছিল আন্ধাৰত
চোলাৰ জেপত যেতিয়া লৈ ফুৰোঁ হৃদয় ৰঙৰ এটি খাম,
বন্ধুসকলে জোকাই,  কিয় লৈ ফুৰা ৰেচনৰ কাৰ্ড?
তেওলোকেটো নাজানে, তাত লিখা থাকে বসন্তৰ প্ৰেমৰ ঠিকনা
তুমি চিচিফাচৰ সাধু শুনিছানে ? চ্পাকাকাজৰ?



-x-x-x-x-x-x-x-x-x-x-x-x-x-x

চান্দমাৰি ফ্লাই অভাৰত ৮ এপ্ৰিল ২০০৪

Chandmari Fly Over


আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছোঁ, 
তুমিও আহিছা স্থগিত ৰাখি তোমাৰ জীৱন, 
কিছু ভাৱনা বিনিময় কৰিম আকাশৰ এই নিশিম শূন্যতাত
কিছু ভালপোৱাৰ অনুশীলন কৰিম চৰাইৰ ছাঁত
তুমি ক'লা,  "আমি যদি আকাশৰ পৰা সৰি পৰোঁ অকস্মাৎ, 
আমি যদি নাহৰৰ পাতৰ দৰে অকস্মাৎ! 
মই ক'লো, "আকাশৰ সীমা আছে, মেঘ আৰু চৰাই। 
তুমি ক'লা, "ৰ'দ জাক মেঘৰ খোৰোঙত কেনেদৰে সোমাল চোৱা,  চোৱা"
মই ক'লো,  "এদিন মইয়ো কুকুহাঁ হৈ মেঘৰ অভ্যন্তৰত সোমাম।
তুমি ক'লা, "সপোনত যোৱাকালি ক'লা ঘোঁৰা দেখিছোঁ"
মই ক'লো,  "তোমাৰ হাতখন দেখুওৱা"
তুমি ক'লা,  "কি পালা মোৰ ভৱিষ্যতত?"
মই ক'লো "কিছু শিহৰণ, কিছু উষ্ণতা কিছু স্বপ্ন।" 
তুমি ক'লা "মই যাওঁগৈ"
মই ক'লো, নাকান্দিবা, আজি ৮ এপ্ৰিল, ডায়েৰীত তুকি ৰাখিবা,  আৰু মোৰ ভুল বোৰৰ বাবে ক্ষমা কৰিবা মোক।  মই তোমাক একোকে দিব নোৱাৰাকৈ নিঃকিন। 
সুখৰ অনুশীলন কৰিবা, জেদ আৰু অহংকাৰক বিয়োগ কৰিবা হা। 
তুমি ক'লা মই যাওঁ। 
মই ক'লো, এই মেঘ বোৰৰ সিপাৰত এদিন আমি লগালগি হ'ম, যোৱাগৈ এতিয়া। 
আজি মোৰ মৃত্যু স্থগিত ৰাখি তোমাৰ ওচৰলৈ আহিছিলোঁ, তুমি লৈ গ'লা মোৰ মৃত্যু তোমাৰ ভালপোৱাৰ উজ্বলতাৰে।